Narakasur
নৰকাসুৰ সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ জীৱনক বিষয়বস্তু হিচাপে লৈ নাটখন ৰচনা কৰা হৈছে। নাট্যকাৰে ১৯২৬ চনত কলেজীয়া জীৱনৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীতে নাটখন লিখিছিল। অভিনেতা তেজপুৰৰ ডাঃ ললিতমোহন চৌধুৰী আৰু ছিলঙৰ এডমাণ্ড কলেজৰ অধ্যাপক বৰদাকান্ত শৰ্মাই নাটখনত হাত ফুৰাই মঞ্চৰ উপযোগী কৰি দিছিল। ১৯২৯ চনৰ ১০ অক্টোবৰ তাৰিখে তেজপুৰৰ বাণ মঞ্চত নৰকাসুৰ প্ৰথম অভিনীত হয়। গুৱাহাটীৰ কামৰূপ নাট্য সমিতিয়ে ১৯৩১ চনৰ আগষ্ট মাহৰ ভিতৰত নাটখন কেইবাবাৰো কুমাৰ ভাস্কৰ মঞ্চত মঞ্চস্থ কৰে। সেই সময়ত মহেন্দ্ৰনাথ ফুকনে প্ৰয়োজন অনুসাৰে নাটখন সম্পাদনা কৰি দিছিল। Source: Wikipedia (as)
Editions
No editions found
Comments
There is nothing here
Lists
There is nothing here
Work -